কৰ্ণাটকত সোমবাৰে সন্ধিয়া সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ দুজন সদস্যৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়। সদাশিৱনগৰ যান-বাহন থানাৰ অন্তৰ্গত এম এছ ৰমাইয়াৰ সমীপৰ ইছৰো চক্ৰত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা।
স্থানীয় খবৰ অনুসৰি এম এছ ৰমাইয়া হাস্পতালৰ দিশৰ পৰা আহি থকা এখন মাৰুতি ইকো এখন ৰখাই থোৱা গাড়ী আৰু এখন অট’ৰ সৈতে সংঘৰ্ষ হয়। পিছত আৰু বেছি বেগেৰে গৈ থকা বাইক এখনত খুন্দা মাৰিলে। প্ৰথমে পথৰ কাষত থিয় হৈ থকা এজন ব্যক্তি আৰু তাৰ পিছত ডিঅ’ স্কুটাৰত অহা দুজন লোক দুৰ্ঘটনাটোত পতিত হয়।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় লোকে লগে লগে গাড়ীখন ৰখাই দিয়ে। গাড়ীখনত থকা তিনিজন লোকৰ ভিতৰত দুজন লোক সেই স্থানৰ পৰা পলায়ন কৰে। অৱশ্যে আকাশ নামৰ এজন অভিযুক্তক ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে স্থানীয় ৰাইজে।
নিহত পিতৃ-পুত্ৰৰ নাম ৰঘু আৰু চিৰঞ্জীৱী বুলি চিনাক্ত কৰা হৈছে। দুয়োজনেই বেংগালুৰুৰ কুভেম্পু নগৰৰ নিবাসী। কিতাপৰ ব্যৱসায়ৰ সৈতে জড়িত পিতা-পুত্ৰই সন্ধিয়া কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি আহিছিল। ইফালে বাসু নামৰ আহত আনজন ব্যক্তিক স্থানীয় লোকে সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱায়।
ঘটনা সন্দৰ্ভত সদাশিৱনগৰ যান-বাহন থানাত ৰুজু হৈছে এক গোচৰ। মৃতদেহ মৰ্চাৰীত ৰখাৰ লগতে পৰিয়ালৰ লোকক আৰক্ষীয়ে অৱগত কৰিছে। স্থানীয় বাতৰি অনুসৰি ধৃত অভিযুক্ত আকাশ দুৰ্ঘটনাৰ সময়ত মদ্যপান কৰি আছিল। মগদী জিলা পঞ্চায়তৰ সদস্যৰ পুত্ৰ বুলিও দাবী কৰা হৈছে। আন দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।