মৰ্মান্তিক! কণমানিক বচাবলৈ গৈ নৈৰ বুকুত সলিল সমাধি একেটা পৰিয়ালৰ ৫ সদস্যৰ

127

কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাৰ ছিৰচিৰ সমীপৰ শালমালা নদীত দেওবাৰে সলিল সমাধি ঘটে একেটা পৰিয়ালৰ ৫ সদস্যৰ। এই ঘটনাৰ পিছতে স্থানীয় মাছমৰীয়াৰ সহায়ত আৰক্ষীয়ে তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে জনোৱা মতে, এই পৰ্যন্ত উদ্ধাৰ হোৱা মৃতদেহসমূহৰ ভিতৰত দুজন পুৰুষ সদস্য আৰু এগৰাকী মহিলা আছে। সলিল সমাধি ঘটা একেটা পৰিয়ালৰ সদস্য কেইজনৰ পৰিচয় মহম্মদ চেলিম (৪৪), নাদিয়া (২০), মিছবাহ (২১), নবীল (২২) আৰু উমৰ (১৬) বুলি জানিব পৰা গৈছে।

প্ৰাথমিক তথ্য অনুসৰি পৰিয়ালটোৰ এটি শিশু পিছলি নৈত বাগৰি পৰে আৰু তাৰ পিছত পৰিয়ালটোৰ আন সদস্যসকলে শিশুটিক উদ্ধাৰ কৰিবলৈ পানীত নামে যদিও নৈৰ কোবাল সোঁতত উটি মৃত্যুক সাৱটি লয়।