পঞ্জাৱৰ ছাংগ্ৰুৰৰ সুনামৰ মেহলান চ’ক এলেকাৰ ওচৰত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় এটি ৪ বছৰীয়া কণমানিসহ ৬ জন লোকে।
বুধবাৰে নিশা প্ৰায় ১:৩০ বজাত মালেৰকোটলাৰ পৰা মাৰুতি ৮০০ গাড়ীৰে সুনামলৈ উভতি আহি থকা অৱস্থাত সংঘটিত হয় এই ভয়ংকৰ ঘটনা।
মাৰুতি ৮০০ বাহনখনে ট্ৰাকক অভাৰটেক কৰিবলৈ চেষ্টা কৰি বিপৰীত দিশৰ পৰা অহা আন এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়। দুয়োখন বাহনৰ মাজত গাড়ীখন চেপা খাই বাহনখনত থকা ৬ জন লোকৰ মৃত্যু ঘটে।
নিহত সকলক নীৰজ চিংলা (৩৭), তেওঁৰ ৪ বছৰীয়া পুত্ৰ মাধৱ চিংলা, ললিত বংছাল (৪৫), দৱেশ জিন্দল (৩৩), দীপক জিন্দল (৩০) আৰু বিজয় কুমাৰ (৫০) বুলি চিনাক্ত কৰা হৈছে। আটাইকেইজনেই সুনামৰ বাসিন্দা।
ছাজলি আৰক্ষী থানাৰ উপ পৰিদৰ্শকে জানিবলৈ দিয়া মতে দুৰ্ঘটনাত আটাইকেইজনৰে থিতাতে মৃত্যু ঘটে।
