মৰিয়নীত বৃহৎ পৰিমাণৰ সোণসহ আটক ২ সৰবৰাহকাৰী

148

যোৰহাট জিলাৰ মৰিয়নীত বৃহস্পতিবাৰে দুজন সোণৰ চোৰাং সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ হাতত পৰা বিপুল পৰিমাণৰ সোণ জব্দ কৰা হয়।

নিৰ্দিষ্ট ইনপুটৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে অভিযান চলাইছিল।

আৰক্ষীৰ খবৰ অনুসৰি যোৰহাটৰ মৰিয়নী ৰে’ল জংচনত ৰখাই থোৱা এখন ৰে’লত তালাচী চলোৱাৰ পিছতে জব্দ কৰা হয় সোণখিনি। নামনি অসম অভিমুখে গৈ আছিল ৰে’লখন।

জব্দ কৰা সোণৰ ওজন ৬৫০ কেজিৰো অধিক। কিন্তু চোৰাং সৰবৰাহকাৰীয়ে ক’ৰ পৰা সোণ কঢ়িয়াই আনিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

ধৃত চোৰাং ব্যৱসায়ী কেইজন হৈছে প্ৰসনজিত ঘোষ ওৰফে বাপ্পী আৰু প্ৰতাপ দেৱনাথ। সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। তদন্ত সম্পূৰ্ণ হোৱাৰ লগে লগে জব্দকৰণৰ সৈতে জড়িত অধিক তথ্য পোহৰলৈ আহিব।