মৰিগাঁও জিলাৰ মৈৰাবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ।
মৈৰাবাৰী আৰক্ষী থানাৰ সমীপৰ তেল ডিপোৰ সন্মুখত সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়তে জব্দ ড্ৰাগছখিনি।
গোপন খবৰৰ ভিত্তিত মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ড্ৰাগছখিনি।
ইতিমধ্যে দুজন সৰবৰাহকাৰীকো আটক কৰিছে আৰক্ষীয়ে।
ধৃত সৰবৰাহকাৰী দুজনক ক্ৰমে যোৰহাব আলী আৰু ইছলাম উদ্দিন বুলি চিনাক্ত কৰা হৈছে।
৬টা চাবোনৰ বাকচত ভৰাই সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল ড্ৰাগছখিনি।
জব্দ ড্ৰাগছখিনিৰ ওজন ৭৩ গ্ৰাম হব বুলি জানিবলৈ দিছে আৰক্ষীয়ে।
