মৰিগাঁৱৰ তেলাহীত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ, কেইবাজনক আটক

66

মৰিগাঁও জিলাৰ ধৰমতুল থানাৰ অন্তৰ্গত তেলাহীত ৰাইজৰ তৎপৰতাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, ৰ্দীঘদিন ধৰি অঞ্চলটোত মৈৰাবাৰী পলাশজাৰিৰ পৰা আহি মাইনুল হক ওৰফে মহন্ত আৰু সহযোগী নাছৰিন চুলতানাই ড্ৰাগছৰ বেহা চলাই আহিছিল। এই বিষয়ে স্থানীয় ৰাইজে জানিব পৰাৰ পিছতে তেলাহী নাৰমাৰীৰ ৰাইজে ৩০টা ড্ৰাগছৰ কনটেইনাৰসহ হাতে লোটে ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। তাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে।

ইফালে, ঘটনাৰ কিছু সময় পিছতে ধৰমতুল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু ৰাইজে আটক কৰি ৰখা ড্ৰাগছ ব্যৱসায়ী কেইজনক সোধাপোছাৰ বাবে থানালৈ লৈ যায়। ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়া সকলে মন্তব্য দিয়া পৰা বিৰত থকাও পৰিলক্ষিত হয়৷