মৰিগাঁৱৰ চৰাইবাহীত “কবিতাৰে জীপাল শেষ ব’হাগৰ আবেলি” শীৰ্ষক কাব্যানুষ্ঠান, “ব’হাগী সুৱাস” পত্ৰিকা উন্মোচন

75

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ মৰিগাঁও জিলাৰ বৃহত্তৰ চৰাইবাহী অঞ্চলৰ ৪গৰাকীকৈ বিশিষ্ট ব্যক্তিক ৰবিবাৰে সম্বৰ্ধনা জনোৱা হয়। চৰাইবাহী ৰাজহুৱা ভৱনত চৰাইবাহী শাখা সাহিত্য সভাৰ উদ্যোগত “কবিতাৰে জীপাল শেষ ব’হাগৰ আবেলি” শীৰ্ষক এখনি কাব্যানুষ্ঠান অনুষ্ঠিত হয়৷

এই উপলক্ষে আয়োজিত কাব্যনুষ্ঠানটিত সভাপতিত্ব কৰে চৰাইবাহী শাখা সাহিত্য সভাৰ সভাপতি জিতুমনি বৰদলৈয়ে৷ কাব্যানুষ্ঠানৰ আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে চৰাইবাহী শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কমল বৰদলৈয়ে৷ চৰাইবাহী শাখা সাহিত্য সভাৰ সম্পাদক মানস কুমাৰ নাথে উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে চৰাইবাহী মহাবিদ্যালয় অধ্যক্ষ ড°কমল চন্দ্ৰ নাথে৷

উল্লেখ্য যে কাব্যানুষ্ঠানৰ লগত সংগতি ৰাখি চৰাইবাহী শাখা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত আৰু চৰাইবাহী অঞ্চলৰ প্ৰথম গৰাকী মহিলা কবি প্ৰয়াত কুসুম কুমাৰী দেৱী শৰ্মাৰ নামত উৎসৰ্গিত ব’হাগৰ বিশেষ সংখ্যা পত্ৰিকা “ব’হাগী সুৱাস” উন্মোচন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট সাংবাদিক প্ৰতাপ হাজৰিকাই৷ সভাত চৰাইবাহী শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক,সমাজ হিতৈষী বুলন চন্দ্ৰ নাথ, চৰাইবাহী শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা চৰাইবাহী অঞ্চলৰ কেইবাখনো শিক্ষানুষ্ঠানৰ প্ৰতিস্থাপক পদ্মকান্ত নাথ, বিশিষ্ট লেখিকা মৃণালিনী দেৱী আৰু চৰাইবাহী অঞ্চলৰ প্ৰথম গৰাকী মহিলা কবি প্ৰয়াত কুসুম কুমাৰী দেৱী শৰ্মাক মৰণোত্তৰভাৱে সম্বৰ্ধনা জনোৱা হয়৷

আনহাতে অনুষ্ঠানত উপস্থিত থকা প্ৰায় ২০ গৰাকী কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটি সাফল্য মণ্ডিত কৰে৷