মৰিগাঁওঃ মৰিগাঁও জিলাৰ আৰক্ষীয়ে দুজন কুখ্যাত চাইবাৰ অপৰাধীক আটক কৰি তেওঁলোকৰ হাতৰ পৰা বৃহৎ পৰিমাণৰ আপত্তিজনক সামগ্ৰী জব্দ কৰে।
ধৃত যুটিটোৰ নাম আব্দুল আজিজ আৰু আব্দুল মজিত। চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত চলোৱা অভিযানৰ সময়ত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।
তালাচীৰ সময়ত আৰক্ষীয়ে মুঠ ২৬২ খন চিম কাৰ্ড, ৩১ খন এ টি এম কাৰ্ড, ৯ খন পেনকাৰ্ড, ৮ খন ভোটাৰ আই ডি কাৰ্ড আৰু এখন চেক বুক উদ্ধাৰ কৰে।
আৰক্ষীয়ে তেওঁলোকৰ হাতত এটা প্ৰিণ্টাৰ, ৫টা মোবাইল ফোন, দুটা লেপটপ আৰু এটা ৱাইফাই ডিভাইচো উদ্ধাৰ কৰে।
জানিব পৰা মতে, এই যুটিয়ে জিলাখনৰ মিকিৰভেটা অঞ্চলত অৱস্থিত নিজৰ বাসগৃহৰ পৰাই অবৈধ চাইবাৰ কাৰ্যকলাপ চলাইছিল।
ইফালে অভিযুক্ত যুটিটোৰ বিৰুদ্ধে সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
এটা তদন্তই অধিক সংযোগৰ সন্ধান উলিয়ালে।