মৰিগাঁৱত বিজেপিৰ বিশাল নিৰ্বাচনী প্ৰচাৰ

59

সমাগত বিধান সভাৰ নিৰ্বাচন। নিৰ্বাচনলৈ মাজত আছে মাত্ৰ কেইটামান দিন। শুকুৰবাৰে সন্ধিয়া মৰিগাঁও চহৰত হাজাৰ হাজাৰ ৰাইজক লৈ বিজেপিয়ে চলালে এক বিশাল গণ ৰেলী। উক্ত ৰেলীত অংশ গ্ৰহণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা আৰু মৰিগাঁও সমষ্টি বিধায়ক ৰমাকান্ত দেউৰী। এফালে যদি কোনোবাই ভৰিত পৰি আৰ্শীবাদ বিছাৰিব ধৰিছে আনফালে আকৌ কোনোবাই ডিঙিত গামোচা পিন্ধাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি জনাইছে। বিজেপিৰ এই নিৰ্বাচনী প্ৰচাৰে এতিয়া মৰিগাঁৱত তীব্ৰ চৰ্চা লাভ কৰিছে।