মৰিগাঁও আৰক্ষীয়ে মঙলবাৰে মৰিগাঁও জিলাৰ বৰিবজাৰ অঞ্চলৰ পৰা এজন লোকক ২৪৯ গ্ৰাম হেৰোইনৰ সৈতে আটক কৰে।
আটকাধীন লোকজনক মহম্মদ খাজালুদ্দিন বুলি চিনাক্ত কৰা হৈছে। ধৃত লোকজনক মৰিগাঁৱৰ বৰিবজাৰ অঞ্চলৰ দক্ষিণ শিলপুখুৰী গাঁৱৰ পৰা আটক কৰা হয়।
আৰক্ষীয়ে ধৃত ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা প্ৰায় ২ কোটি টকা মূল্যৰ ২৪৯ গ্ৰাম হেৰোইন উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।
হেৰোইনখিনি ২০ টা চাবোন বাকচৰ পৰা উদ্ধাৰ কৰা হয় আৰু লগতে নিট্ৰাজেপামৰ ১৫ টা ফিটা আৰু নিট্ৰাভেট টেবলেটৰ ১৯ টা স্ট্ৰেপ উদ্ধাৰ হয়। ইফালে, জেৰাৰ সময়ত আটকাধীন খাজলুদ্দিনে প্ৰকাশ কৰে যে ড্ৰাগছবোৰ নাগালেণ্ডৰ ডিমাপুৰৰ পৰা অনা হৈছিল।
