মৰিগাঁৱত তিৱা স্বায়ত্ব পৰিষদৰ মাস্ক, চেনিটাইজাৰ বিতৰণ

104

পিংকু দাস, মৰিগাঁওঃ মহামাৰী কোৰোনাই ভয়াবহতা সৃষ্টি কৰাৰ মাজতে সাধাৰণ জনতাৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্ন জন। কোভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে জনতাক সজাগ কৰাৰ উদ্দেশ্যে আজি মৰিগাঁৱৰ তিৱা স্বায়ত্ব পৰিষদৰ এলেকাধীন কেইবাটাও অঞ্চলত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা হয়।

তিৱা স্বায়ত্ব পৰিষদৰ সিদ্ধান্ত মৰ্মে আজি গোনামা, বুঢ়াগাঁও, মৰাকলং আদি গাঁৱত মাস্ক আৰু ছেনিটাইজাৰৰ লগতে সজাগতামূলক গোহাৰি পত্ৰ বিতৰণ কৰা হয়। এই বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মৰিগাঁও জিলাৰ প্ৰাক্তন স্বায়ত্ত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ ৯নং দমাল সমষ্টি সদস্য পৱন মান্তা আৰু তেওঁৰ দলৰ সহকৰ্মী সদস্যসকলে।