মৰিগাঁও জিলাত বুধবাৰে নিশা সদৌ তিৱা ছাত্ৰ সন্থাৰ কমেও তিনিজন নেতাক আটক কৰে আৰক্ষীয়ে।
জানিব পৰা মতে, কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ধন আদায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় নেতা কেইগৰাকীক।
জিলাখনৰ নেলী অঞ্চলৰ পৰা আৰক্ষীয়ে আটক কৰে তিনিওজনক।
ধৃত যুৱক কেইজন হৈছে মৰিগাঁৱৰ তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অনুপ পাটৰ, নেলী আঞ্চলিক সমিতিৰ উপদেষ্টা দিপাংকৰ মাচলাই আৰু নেলী আঞ্চলিক সমিতিৰ সভাপতি উদিত পাটৰ।
পুৱা প্ৰায় ২.০০ বজাত আৰক্ষীৰ এটা দলে তিনিওজন নেতাক নিজ বাসগৃহৰ পৰা আটক কৰে।
আগন্তুক আটছুৰ অধিৱেশনৰ প্ৰস্তুতি চলাইছিল নেলীত।
