মৰিগাঁৱত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ উদ্যোগত সুধাকণ্ঠ দিৱস উদযাপন

413

মৰিগাঁওঃ শনিবাৰে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ অসম আৰু উদৰী, বাখৰবড়ি, বনিয়াগাঁও ৰাস উন্নয়ন সমিতিৰ সহযোগত উদযাপন কৰা হয় বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু বাৰ্ষিকী।

উদৰী-বাখৰবড়ি-বনিয়াগাঁও ৰাস প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানৰ পতাকা উত্তোলন কৰে দেবলাল দাসে।

পুৱা সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ পিছত শিশুসকলৰ মাজত অনুষ্ঠিত হয় এক চিত্ৰাংকণ প্ৰতিযোগিতাৰ।

তাৰ পিছতে অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ মুখ্য উপদেষ্টা জয়ন্ত মোহন দাস, বিশিষ্ট সমাজ সেৱক নগেন দাস, বীৰ লাচিত সেনাৰ মৰিগাঁ জিলা সাধাৰণ সম্পাদক দীপমণি হীৰাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

অনুষ্ঠানত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাস আৰু সম্পাদক লক্ষ্যজোতি দাসে কয় যে বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ ভূপেন হাজৰিকা প্ৰত্যেকজন অসমীয়াৰ অন্তৰত চিৰদিন আছে আৰু থাকিব। অসমীয়া জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা মহান শিল্পীগৰাকীৰ সৃষ্টিৰাজীয়ে চিৰদিন অসমীয়াক গৰ্বিত কৰিব।

ইফালে মুকলি সভাৰ পিছতে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কেইবাগৰাকীও স্থানীয় আৰু আমন্ত্ৰিত শিল্পীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।