মৰিগাঁও জিলা কবি সন্মিলনৰ মধ্যকালীন অধিৱেশন সম্পন্ন, কাব্য পত্ৰিকা ”কাব্য অনুৰণন” উন্মোচন

131

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত মৰিগাঁও জিলা কবি সন্মিলনৰ মধ্যকালীন অধিৱেশন তথা ষষ্ঠ প্ৰতিষ্ঠা দিৱসটি সোমবাৰে মৰিগাঁৱৰ নিপুণ ডেকা স্মৃতি সদনত অনুষ্ঠিত হৈ যায়। সেই অনুসৰি মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি আবুল হাছেম আল আমানে পুৱা সদৌ অসম কবি সন্মিলনৰ পতাকা উত্তোলন কৰাৰ লগতে মৰিগাঁও জিলা কবি সন্মিলনৰ উপ সভাপতি অনিৰুদ্ধ ডেকাই বন্তি প্ৰজ্বলন কৰে।

ইয়াৰ পাছতে মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি আবুল হাছেম আল আমানৰ সঞ্চালনাত সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সদস্য “জয়ৰাম নাথ সোঁৱৰণী কবিতাৰ দিন” শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠানটিত মৰিগাঁও জিলা কবি সন্মিলনৰ অন্তৰ্গত বিভিন্ন শাখাৰ নিৰ্বাচিত কবিসকলে কবিতা পাঠ কৰাৰ লগতে মৈৰাবাৰী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ছাদিকুল ইছলামে পঠিত কবিতাৰ পৰ্যালোচনা আগবঢ়ায়।

মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাখনি বিশিষ্ট সাহিত্যিক তথা মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাতৰে উদ্বোধন কৰে। সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকি সদৌ অসম কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়াই কবিতাৰ সন্দৰ্ভত সাৰুৱা বক্তব্য আগবঢ়ায়। সভাত হেমন্ত ভাৰতী সম্পাদিত মৰিগাঁও জিলা কবি সন্মিলনৰ কাব্য পত্ৰিকা “কাব্য অনুৰণন” উন্মোচন কৰে মৰিগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি অশোক ডেকাই।

মৰিগাঁও জিলা কবি সন্মিলনৰ সম্পাদক মাধৱ চন্দ্ৰ ডেকাই আঁত ধৰা সভাখনিত মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, “নতুন কবিতা”ৰ সম্পাদক মদাৰ জ্যোতি, বিশিষ্ট সাহিত্যিক মনোজ কুমাৰ দেওৰজা, সদৌ অসম কবি সন্মিলনৰ প্ৰচাৰ সম্পাদক হেমন্ত ভাৰতী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে কাব্যানুৰাগীসকল উপস্থিত থাকে। সদৌ অসম কবি সন্মিলনৰ কাব্য মন্ত্ৰৰে সভাৰ সামৰণি পৰে।