ঋতু পৰ্ণ শৰ্মা, নগাঁও : সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত মৰিগাঁও জিলা কবি সন্মিলনৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশনখনিৰ প্ৰতিষ্ঠা দিৱসটি ৰবিবাৰে কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ আতিথ্যত অনুষ্ঠিত হৈ যায় । পশ্চিম বামুণবড়ি যুৱ সংঘৰ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা পুৱা ৮:৩০ বজাত প্ৰতিনিধি পঞ্জীয়ন আৰু পুৱা ৯:০০ বজাত মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি অশোক ডেকাই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা কাৰ্যসূচীৰ পাছতেই বন্তি প্ৰজ্বলন কৰে জিলা কবি সন্মিলনৰ উপ-সভাপতি আবুল হাছেম আল-আমান, কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ উপদেষ্টাদ্বয় সুৰকান্ত বৰা, মাঘৰাম দেউৰী আৰু অৱসৰপ্ৰাপ্ত শিক্ষক নিৰণ চন্দ্ৰ ডেকাই ।
পুৱা ৯:৩০ বজাত স্মৃতি তৰ্পণ কৰে ক্ৰমে কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক হেমন্ত ভাৰতী,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মাধৱ চন্দ্ৰ ডেকা আৰু কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ সভাপতি-সম্পাদকদ্বয় ক্ৰমে ভূৱন চন্দ্ৰ ডেকা আৰু দীপসংগীত বৰুৱাই । পুৱা ৯:৪৫ বজাৰ পৰা মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি অশোক ডেকাৰ সঞ্চালনাত অনুষ্ঠিত ”আজীৱন সভ্যৰ সন্মিলন”ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় আমন্ত্ৰিত সদস্য মনোজ কুমাৰ দেওৰজা আৰু জিলা কবি সন্মিলনৰ উপ সভাপতি অনিৰুদ্ধ ডেকা ।
ইয়াৰ পাছতে পুৱা ১১ বজাত কেন্দ্ৰীয় আবৃত্তি উপ-সমিতিৰ সভাপতি ড° উৎপল নাথৰ সঞ্চালনাত অনুষ্ঠিত কবিতা পাঠৰ অনুষ্ঠানত জিলাখনৰ প্ৰায় আঢ়ৈকুৰিৰো অধিক কবিয়ে কবিতা পাঠ কৰে । পুৱা ১১:৩০ বজাৰ পৰা অনুষ্ঠিত প্ৰতিনিধি তথা বিষয় বাচনি সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় পত্ৰিকা “নতুন কবিতা’ৰ সম্পাদক মদাৰজ্যোতি । সভাত ২০২১-২০২৩ বৰ্ষৰ কাৰ্যকালৰ বাবে আবুল হাছেম আল আমনক সভাপতি, মাধৱ চন্দ্ৰ ডেকাক সম্পাদক,ড° উৎপল নাথ, অনিৰুদ্ধ ডেকা,ভবেন চন্দ্ৰ নাথ, জয়ফুল নাথক উপ-সভাপতি, হেমন্ত ভাৰতীক পত্ৰিকা সম্পাদক মৃণালিনী দেৱী, ভৰত কুমাৰ নাথক সাংগঠনিক সম্পাদক, মিণ্টু কুমাৰ মেধি, দীপসংগীত বৰুৱা, জয়ন্ত সাগৰ শইকীয়াক প্ৰচাৰ সম্পাদক, জিতুমনি বৰদলৈ, ৰাজীৱ চহৰীয়া, ভূৱন চন্দ্ৰ ডেকা, অৱন্তি বৰাক সহকাৰী সম্পাদক, ৰাতুল চন্দ্ৰ ডেকাক কাৰ্যালয় সম্পাদক, মমী নাথক কোষাধ্যক্ষ হিচাপে লৈ ২১ জনীয়া মৰিগাঁও জিলা সমিতিখন গঠন কৰা হয় ।
বিয়লি ১:৩০ বজাৰ পৰা নৱ নিৰ্বাচিত সভাপতি আবুল হাছেম আল আমানৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা অনুষ্ঠিত হয় । আদৰণি সমিতিৰ সভাপতি ভূৱন চন্দ্ৰ ডেকাই আদৰণী ভাষণ আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই উদ্বোধন কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে সদৌ অসম কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়া, বিশিষ্ট অতিথি হিচাপে সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সঞ্জীৱ সাগৰ চৌধুৰী, ”নতুন কবিতা”ৰ সম্পাদক মদাৰজ্যোতি, কামৰূপ মহানগৰ কবি সন্মিলনৰ সম্পাদক মৌচুম বুঢ়াগোহাঁই, মৰিগাঁও জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা আৰু বিশিষ্ট কবি কেশৱ বৰা, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন উপ-সভাপতি ৰাজেন বৰা প্ৰমুখ্যে বিশিষ্ট কবি সাহিত্যিকসকল উপস্থিত থাকে ।
উক্ত সভাতেই হেমন্ত ভাৰতীৰ সম্পাদিত মৰিগাঁও জিলা কবি সন্মিলনৰ পত্ৰিকা ”কাব্য অনুৰণন” বিশেষ সংখ্যাটি উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ তথা মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাতৰে । এই সভাতেই মৰিগাঁও জিলাৰ চাৰি গৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে অৰুণ জ্যোতি নাথ (লেখক-নাট্যকৰ্মী), মহেন্দ্ৰ পাতৰ(জনগোষ্ঠীয় কবি), প্ৰতিভা দেওৰজা(কবি-গল্পকাৰ) আৰু চুমি কপাহেৰা (কবি-লেখিকা
ক সম্বৰ্ধনা জনোৱা হয় । ইয়াৰ পাছতেই বলেন চন্দ্ৰ বৰুৱাৰ ”স্বপ্ননীল”, ভূৱন চন্দ্ৰ ডেকাৰ ‘হাঁহিব নোখোজা মানুহৰ প্ৰতি”, তীৰ্থ নাথ বৰুৱাৰ ”শোকৰ ভৰত হাওলা মন”, আৰ্চিনৰ ”জীয়া মানুহৰ জঁকা”, দীপ সংগীত বৰুৱাৰ ”চলচিত্ৰৰ স্মৃতিৰেখা আৰু বোৱঁতী সুঁতিৰ মেটেকাবোৰ”, মৃণালিনী দেৱীৰ ”মানুহক ভালপাওঁ বাবেই” আৰু বিলিমা গগৈৰ “উৰুলি”(বিয়া নামৰ সংকলন)কে ধৰি অভিলেখ সংখ্যক সৰ্বমুঠ ৮খন গ্ৰন্থ উন্মোচন কৰা হয় । কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভবেন চন্দ্ৰ নাথে শলাগৰ শৰাই আগবঢ়োৱা সভাখনি বিয়লি ৫:০০ বজাত কাব্যমন্ত্ৰৰে সামৰণি পৰে ।
