দেওবাৰে মৰিগাঁও জিলাৰ ভূৰবন্ধাত মৰিগাঁও জিলা চেম্বাৰ অব কৰ্মাচ আৰু ভূৰবন্ধা আঞ্চলিক সমিতি সহযোগত ভূৰবন্ধা গাঁও পঞ্চায়তে এক প্ৰশংসনীয় পদক্ষেপ হাতত লয়। ভূৰবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰুনজুন ডেকা, সচিব দীপক হাজৰিকা আৰু জিলা চেম্বাৰ অব কৰ্মাচৰ সভাপতি নিপুন বৰাৰ উপস্থিতিত অঞ্চলৰ মুল ব্যবসায়িকস্থলী ভূৰবন্ধাত সকলো ব্যবসায় প্ৰতিষ্ঠানৰ লগতে বজাৰৰ বিভিন্ন স্থান চেনিটাইজ কৰে।
উক্ত চেনিটাইজ কাৰ্যক্ৰমত উপস্থিত থাকে ভূৰবন্ধা অঞ্চলৰ সমাজ সচেতন যুৱকৰ লগতে জিলা চেম্বাৰ অব কৰ্মাচৰ প্ৰতিনিধিৰ সহযোগত PPE KIT পৰিধান কৰি চেনিটইজ কৰা দৃষ্টি গোচৰ হয়। কাৰ্যক্ৰমত উপস্থিত থাকি গাঁও পঞ্চায়ত সভানেত্ৰী ৰুনজুন ডেকা লগতে সচিব দীপক হাজৰিকাই কয়।
ইফালে জিলা চেম্বাৰ অব কৰ্মাচৰ সভাপতি নিপুন বৰাই কয় যে যি সময়ত কোভিড-১৯ মহামাৰীয়ে দেশত ভয়াবহতাৰ ৰূপ লৈছে, তেনে সময়ত সাধাৰণ ৰাইজৰ মাজত এই সন্দৰ্ভত এক সজাগতা আনিবৰ বাবে এই পদক্ষেপ লয় বুলি তেওঁ জানিবলৈ দিয়ে।