মৰিগাঁও অসামৰিক চিকিৎসালয়ত স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা

67

পিংকু দাস, মৰিগাঁওঃ মহামাৰী কোৰোনাই মৰিগাঁও জিলাত জটিল সমস্যা সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত আজিৰ অভিভাৱক হিছাপে মৰিগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হয় অসমৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা। মৰিগাওঁ অসামৰিক চিকিৎসালয় পৰিদর্শন কৰি কোভিড ৰোগী সকলৰ সকলো সমস্যাৰ দুয়োগৰাকী ৰাজ্য চৰকাৰৰ মন্ত্ৰীয়ে।

ইয়াৰ পিছতে মৰিগাওঁ উপায়ুক্ত কার্য্যালয়ত মৰিগাঁও জিলাৰ বান সমস্যা, মথাউৰি সমস্যাৰ ওপৰত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, জলসম্পদ বিভাগীয় বিষয়া, স্বাস্থ্য বিষয়া সকলৰ লগত এখনি পৰ্যালোচনা বৈঠকত মিলিত হয়। মন্ত্রী দুয়োগৰাকীক সংগ দিয়ে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, লাহৰিঘাট সমষ্টিৰ বিধায়ক ডঃ আছিফ নাজাৰে।

চলিত মাহৰ ৩০ তাৰিখৰ ভিতৰত মৰিগাঁও অসামৰিক চিকিৎসালয়ত ১৯ খন বেডৰ আই চি ইউ ৰ কাম শেষ কৰিৱলৈ মৰিগাঁও স্বাস্থ্য যুটীয়া সঞ্চালকক নির্দেশ প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। লগতে মৰিগাঁওলৈ অভিভাৱক হিচাপে অহা স্বাস্থ্যমন্ত্রী গৰাকীয়ে সাতদিনৰ ভিতৰত সকলো বিভাগীয় কতৃৰ্পক্ষই প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।