মৰাণত পিঞ্জৰাবদ্ধ হ’ল বৃহৎ আকৃতি বিলুপ্তপ্ৰায় ঘোং ।
শ্ৰীঘ্ৰে বন বিভাগে মুকলিৰ ব্যৱস্থা কৰিব দুষ্প্ৰাপ্য প্ৰাণীটো। মৰাণৰ ধেমেচী মাজগাঁৱত বুধবাৰে সন্ধিয়া পিঞ্জৰাবদ্ধ এটা বৃহৎ আকৃতিৰ দুষ্প্ৰাপ্য ঘোং | খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ধেমেচী মাজগাঁও অঞ্চলত দীৰ্ঘদিন ধৰি পশুধন নিধন কৰি সন্ত্ৰাস চলাই আহিছিল দুষ্প্ৰাপ্য ঘোঙটোৱে | গাঁৱৰ ৰাইজৰ অভিযোগ অনুসৰি বন বিভাগে পাতিছিল পিঞ্জৰা | বুধবাৰে আবেলি বন বিভাগে পতা পিঞ্জৰাত কিছু সময় পাছতে সন্ধিয়া আবদ্ধ হয় দুষ্প্ৰাপ্য ঘোঙটো | স্থানীয় ৰাইজৰ সহযোগত খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়লৈ লৈ অনা হয় দুষ্প্ৰাপ্য ঘোঙটো | বন বিভাগৰ লোকে জানিবলৈ দিয়া অনুসৰি চাৰি পাঁচ বছৰীয়া এই দুষ্প্ৰাপ্য ঘুঙটো চিকিৎসা কৰি পৰৱৰ্তী সময়ত বন বিভাগৰ বিষয়া সন্মতি মৰ্মে আজি মুকলি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব দুষ্প্ৰাপ্য প্ৰাণীটো | বিলুপ্ত প্ৰায় এই দুষ্প্ৰাপ্য ঘোঙটো কোনো ধৰণৰ আঘাটপ্ৰাপ্ত হোৱা নাই বুলি জানিবলৈ দিয়ে বন বিভাগে ।