মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ পিয়লি নগৰত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যই। দিনৰ পোহৰতে ঘৰৰ ভিতৰত অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে এগৰাকী মহিলাক।
জানিব পৰা মতে, পিয়লি নগৰৰ নিৱাসী জীৱন কানাই দত্তৰ পত্নী পমিলা দত্ত (৫০) ঘৰত অকলে থকাৰ সুযোগ লৈ কোনো অচিনাক্ত দুৰ্বৃত্তই ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মহিলাগৰাকীক হত্যা কৰে আৰু সেই স্থানৰ পৰা পলায়ন কৰে। পিছত স্থানীয় ৰাইজে এই হত্যাকাণ্ডৰ কথা জানিব পৰাৰ পিছতে মৰাণ আৰক্ষী চকীত খবৰ দিয়ে আৰু ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও হত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। হত্যাকাৰীক চিনাক্ত কৰাৰ বাবে তৎপৰ হৈ পৰিছে আৰক্ষী।