মৰাণত একেদিনাই ৪৮জন কোৰোনাত আক্ৰান্ত

60

ডিব্ৰুগড় জিলাৰ খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন স্বাস্থ্য আৰু উপস্বাস্থ্য কেন্দ্ৰত আজি দিনটোতে ৪০জন লোকৰ দেহত কোভিড পজিটিভ পোৱা গৈছে। খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এলেকাত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা আজিলৈকে মুঠ ২৬৪ গৰাকীলৈ বৃদ্ধি পালে।

ইফালে চৰাইদেউ জিলাৰ পাতসাকু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত এলেকাত আজি ৮ জন লোকৰ দেহত পজিটিভ ধৰা পৰিছে। মাহমৰা ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত সৰ্বমুঠ ৪৩ জন লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। চিকিৎসক সকলে জানিবলৈ দিয়া মতে আক্ৰান্ত প্ৰায় সকলকে হোম আইছ’লেশ্যনত ৰখা হৈছে। দুয়োখন জিলাৰ অন্তৰ্গত বৃহত্তৰ মৰাণ অঞ্চলত সৰ্বমুঠ ৩০৭ জন লোক কওভিডত আক্ৰান্ত হৈছে।