শুকুৰবাৰে পুৱা ডিব্ৰুগড় জিলাৰ মৰাণৰ ডোমৰ দলং চাহ বাগিচাৰ ১২ নম্বৰ লাইনত সংঘটিত ভয়ঙ্কৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ তিনিটা শিশুৰ কৰুণ মৃত্যু ঘটে।
জানিব পৰা মতে, বাগিচা খনৰ পথাৰৰ টঙীঘৰত খেলি থকাৰ সময়তে অগ্নিকাণ্ড সংঘটিত হয়। যাৰ ফলত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয় দুৰ্ভগীয়া শিশু তিনিটিয়ে।
মৃত্যু ঘটা শিশু কেইটিৰ দুজনক বিভান মুণ্ডা, অনুদ মুণ্ডা বুলি চিনাক্ত কৰা হৈছে যদিও আনটো শিশুৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
জানিব পৰা মতে মৃত বিভান মুণ্ডাৰ বয়স আছিল মাত্ৰ দুবছৰ। আনহাতে অনুদ মুণ্ডা আছিল ৫ বছৰীয়া।
ইফালে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ শিশু কেইটিৰ মৃতদেহ উদ্ধাৰ কৰিছে। ৪ শিশুৰ কৰুণ মৃত্যুত অঞ্চলটোত সৃষ্টি হৈছে এক শোকাকূল পৰিৱেশৰ।
