মৰবীৰ দলং দুৰ্ঘটনাত আহত সকলক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ…

180

নিউজ ডেস্কঃ গুজৰাটৰ মৰবীত শতিকা পুৰণি এখন কেবল ব্ৰীজ ছিগি পৰাৰ ফলত আহত হৈ চিকিৎসাধীন হৈ থকা সকলক সাক্ষাৎ কৰি মঙলবাৰে স্বাস্থ্যৰ বুজ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

মঙলবাৰে মৰবী অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্যৰ বুজ লয় আহত সকলৰ।

একে সময়তে তেওঁ দুৰ্ঘটনাৰ পিছত উদ্ধাৰ আৰু সাহায্য অভিযান চলাই থকা ব্যক্তিসকলকো সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লয়।

ইপিনে প্ৰধানমন্ত্ৰীৰ হাস্পতাল পৰিদৰ্শনৰ পূৰ্বে মৰবী হাস্পতালত টাইলছ আৰু ৰঙৰ কাম কৰি থকাৰ কিছু ছবি-ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

যি সময়ত হাস্পতালখনত বহু লোকে জীৱন-মৃত্যুৰ সৈতে যুঁজ দিবলগীয়া হৈছে, সেই সময়ত এনেদৰে প্ৰধানমন্ত্ৰীৰ আগমণক লৈ হাস্পতাল কৰ্তৃপক্ষ ব্যস্ত হৈ পৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধীয়ে।

উল্লেখ্য যে, দেওবাৰে সন্ধিয়া মৰবীত এখন শতিকা পুৰণি কেবল দলং মাচ্ছু নদীত ভাঙি পৰাত কমেও ১৩৫ জন লোক নিহত হৈছিল।

এই ভয়ংকৰ দুৰ্ঘটনাটোত এতিয়াও সন্ধানহীন হৈ আছে আন বহু কেইজন।

আনফালে এই দুৰ্ঘটনাৰ পিছত তদন্ত চলাই এতিয়ালৈকে দলংখনৰ মেৰামতিৰ দায়িত্ব লাভ কৰে অৰেভা কোম্পেনীৰ মেনেজাৰসহ ৯ জনক গ্ৰেপ্তাৰ কৰা হৈছে।