মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান লাভ কৰিলে তৰুণ গগৈয়ে

77

গণৰাজ্য দিৱস উপলক্ষে দেশে ঘোষণা কৰিলে দেশৰ অসামৰিক সৰ্বোচ্চ সন্মান। দেশৰ অন্যান্য বিশিষ্ট লোকসকলৰ ভিতৰত অসমৰ সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক পদ্ম ভূষণ সন্মান প্ৰদান কৰা হৈছে। তিনিবাৰকৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত মুখ্যমন্ত্ৰীগৰাকীলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে ’পদ্মভূষণ’ সন্মান ৷

আনহাতে, অসমৰ পৰা বিজেপিৰ প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী, লখিমী বৰুৱা, গোপীৰাম বৰগায়ন বুঢ়াভকত, দুলাল মানকি, বিৰুবালা ৰাভা, ৰোমান শৰ্মা, মংগল সিং হাজোৱাৰী, ইমৰান শ্বাহলৈ অগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান ৷ ইয়াৰোপৰি বিশিষ্ট শিল্পী প্ৰয়াত এছ পি বালা সুব্ৰমনিয়ামক পদ্ম বিভূষণ সন্মান প্ৰদান কৰা হৈছে।

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিঞ্জ আবেক পদ্ম বিভূষণ সন্মান প্ৰদান কৰা হৈছে। সুমিত্ৰা মহাজনক পদ্ম ভূষণ, স্বৰ্গীয় ৰাম বিলাস পাচোৱান আৰু নৃপেন্দ্ৰ মিশ্ৰলৈ পদ্ম ভূষণ সন্মান প্ৰদান কৰা হৈছে।