মৌলবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আটক অসম মিঞা পৰিষদৰ সভাপতি-সম্পাদকক

115

মিঞা মিউজিয়াম বিতৰ্কৰ মাজতে পোহৰলৈ আহিছে বিস্ফোৰক তথ্য।

মৌলবাদী সংগঠনৰ সৈতে সম্পৰ্ক আছে গোৱালপাৰাত মিঞা মিউজিয়াম স্থাপন কৰা দুই নেতাৰ।

সদৌ অসম মিঞা পৰিষদৰ সভাপতি, সম্পাদকৰ সম্পৰ্ক আছে আনছাৰুল্লাহ বাংলা টীমৰ সৈতে।

ইতিমধ্যে আটক কৰা হৈছে আব্দুল বাতেন আৰু মহৰ আলী নামৰ অসম মিঞা পৰিষদৰ সভাপতি-সম্পাদকক।

লগতে আটক কৰা হৈছে তনু ধাদুমীয়াকো।

নিশাই তিনিওকে লৈ অনা হয় নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানালৈ।

উল্লেখ্য যে, ইতিমধ্যে ছীল কৰা হৈছে গোৱালপাৰাৰ লক্ষীপুৰত স্থাপন কৰা মিঞা মিউজিয়ামটো।

মুখ্যমন্ত্ৰীৰ সকীয়নীৰ পিছতে জিলা প্ৰশাসনে ছীল কৰে অসমীয়াৰ সম্পদ চুৰি কৰি স্থাপন কৰা মিঞা মিউজিয়ামটো।