‘মোৰ কথা শুনক নহলে আতৰ হওঁক’ ধৰণৰ আচৰণ কেতিয়াও মানি ল’ব নোৱাৰিঃ ভেংকায়া নাইডু

89

ডিজিটেল ডেস্কঃ কৃষি বিধেয়কক লৈ ৰাজ্যসভাত সৃষ্টি হোৱা উত্তাল পৰিৱেশৰ মাজতে ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশই উপ ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুলৈ পত্ৰ লিখি বিষয় সন্দৰ্ভত অৱগত কৰাইছিল। তাৰ পিছতে নাইডুয়ে সদনত উপাধ্যক্ষই দেখুওৱা সংযমৰ প্ৰশংসা কৰে আৰু সদনত বিৰোধী সাংসদসকলে দেখুওৱা আচৰণ অস্বীকাৰ্য বুলি মন্তব্য কৰে। তেওঁ কয়, সাংসদ সকলৰ ‘মোৰ কথা শুনক নহলে আতৰ হওঁক’ ধৰণৰ আচৰণ কেতিয়াও মানি ল’ব নোৱাৰি।

আনহাতে বিৰোধী সাংসদ সকলে গ্ৰহণ কৰা ৰাজ্যসভাৰ পৰৱৰ্তী কামকাজ বয়কটৰ সিদ্ধান্তৰ পুনৰবিচাৰ কৰাৰ বাবে আহ্বান জনায় নাইডুৱে। লগতে ৰাজ্যসভাৰ আলোচনাত অংশ লোৱাৰ বাবেও বিৰোধী সাংসদ সকলক তেওঁ আহ্বান জনায়। ইফালে কৃষি বিধেয়ক গৃহীত হোৱাৰ সময়ত ৰাজ্যসভাত মত প্ৰদানত উপাধ্যক্ষই একপক্ষীয় নীতি গ্ৰহণ কৰা বুলি বিৰোধী সাংসদ সকলে উত্থাপন কৰা অভিযোগকো অস্বীকাৰ কৰে ভেংকায়া নাইডুৱে।

তেওঁ কয়, ‘গণতন্ত্ৰৰ অৰ্থ হৈ যুক্তি, আলোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰা, বিভাজন সৃষ্টি কৰা নহয়। যদি একাংশই ভাৱে যে ‘মোৰ কথা শুনক, নহ’লে আঁতৰ হওক..’, তেন্তে মই সেয়া মানি নলও। আপোনাৰ ওচৰত সংখ্যা গৰিষ্ঠতা আছে, গতিকে নিজৰ স্থিতিত থাকি মত প্ৰদানৰ দাবী কৰিব লাগে।’