মোহভংগ! কংগ্ৰেছ ত্যাগ প্ৰাক্তন মন্ত্ৰী খৰসিং ইংতিৰ

201

প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী খৰসিং ইংতিৰ পদত্যাগ।

কাৰ্বি আংলং নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ পিছত খৰসিং ইংতিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, এসময়ত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ঘনিষ্ঠ হিচাপে পৰিচিত খৰসিং ইংতিয়ে হাওৰাঘাট বিধানসভা সমষ্টিৰ পৰা দুবাৰকৈ নিৰ্বাচিত হৈছিল আৰু তৰুণ গগৈ চৰকাৰৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।