মোডী-শ্বাহৰ ৰাজ্যত বিষাক্ত সুৰা সেৱন কৰি ২১ জনৰ মৃত্যু

252

মোদী-শ্বাহৰ ৰাজ্য গুজৰাটত চৰম সংকট। বিষাক্ত সুৰা সেৱন কৰা ৰাজ্যখনত মৃত্যু ২১জনকৈ লোকৰ। চৰকাৰী সূত্ৰ অনুসৰি এতিয়াও চিকিৎসাধীন হৈ আছে ৩০ জন লোক। মৃতকৰ সংখ্যা বৃদ্ধি হ’ব পাৰে বুলি আশংকা কৰিছে চিকিৎসকে।

উল্লেখ্য যে, গুজৰাটত নিষিদ্ধ কৰা হৈছে সুৰা প্ৰস্তুত, বিক্ৰী আৰু সেৱন। ইয়াৰ পিছতো বিষাক্ত সুৰা সেৱন কৰি ইমান সংখ্যক লোকৰ মৃত্যুৰ ঘটনা কেনেকৈ সংঘটিত হ’ল তাক লৈ এক চাঞ্চল্যৰ সৃষ্টি হৈছে। গুজৰাটৰ বোটাড জিলাত অবৈধ সুৰা সেৱন কৰি ২১ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে প্ৰশাসনে। ইয়াৰ পূৰ্বে জিলা আৰক্ষীয়ে ১৬ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছিল। পিছত আহমেদাবাদ জিলাৰ ধুন্ধুকাৰৰ এখন চিকিৎসালয়ত পুনৰ ৫ জন লোকৰ মৃত্যু হয়।

প্ৰশাসনে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, ভৱনগৰ, বোটাড, বৰৱালা আৰু ধুন্ধুকাৰ কেইবাখনো চিকিৎসালয়ত বিষাক্ত সুৰা সেৱন কৰি ৩০ জন লোক চিকিৎসাধীন হৈ আছে। ইফালে গাঞ্জা বিক্ৰী কৰা তিনিজন লোকক আটক কৰে আৰক্ষীয়ে। এই খবৰটো জনাইছে গুজৰাট আৰক্ষীৰ ডি জি আশীষ ভাটিয়াই। সোমবাৰে পোহৰলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজ্যৰ ঘটনা। বৰৱালা তালুকৰ সাজিদ গাঁও আৰু ইয়াৰ আশে-পাশে কেইবাজনো লোকৰ শাৰীৰিক অৱস্থা বেয়া হোৱাৰ পিছত। ৰোগী সকলক বৰৱালা আৰু বোটাড চহৰৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

গুজৰাট আৰক্ষী ভাৱনগৰ ৰেঞ্জৰ আই জি অশোক কুমাৰ যাদৱে জনোৱা মতে, ঘটনাৰ তদন্তৰ বাবে ডি এছ পি ৰেংকৰ এজন আৰক্ষী বিষয়াৰ নেতৃত্বত এটা বিশেষ দল গঠন কৰা হৈছে। একে সময়তে ভৱনগৰ ৰেঞ্জৰ আই জিয়েও কৈছে যে নিচাযুক্ত দ্ৰব্য বিক্ৰী কৰা মূল অভিযুক্তক ধৰিবলৈ অভিযান আৰম্ভ কৰা হৈছে। গুজৰাটৰ এণ্টি টেৰৰিষ্ট স্কোয়াড আৰু আহমেদাবাদ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চেও এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

দীৰ্ঘদিন ধৰি গুজৰাটত সুৰা প্ৰস্তুত আৰু বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা আছিল। ইয়াৰ পিছতো এনে ধৰণৰ ঘটনা সংঘটিত হোৱাত কংগ্ৰেছে ৰাজ্যৰ শাসকীয় বিজেপিক লক্ষ্য কৰি লৈছে। অভিযোগ উত্থাপন হৈছে যে বিজেপিৰ সহমতত কেইবাদিনো ধৰি ৰাজ্যত বৃদ্ধি পাইছে সুৰাৰ উত্থান। কংগ্ৰেছৰ সুৰত আম আদমী পাৰ্টিয়েও একেই অভিযোগ উত্থাপন কৰিছে।