মোডী কেবিনেটৰ সম্প্ৰসাৰণঃ কোনে পালে কি বিভাগ…

64

মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ দুটা বছৰৰ পিছতে সালসলনি কৰা হ’ল মন্ত্ৰীসভাত। বুধবাৰে সম্প্ৰসাৰণ ঘটোৱা মন্ত্ৰীসভাত ৪৩ গৰাকী নতুন নেতাই মন্ত্ৰিত্বৰ শপত গ্ৰহণ কৰে। ইয়াৰে ১৬ গৰাকী নতুন মন্ত্ৰীক কেবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰাৰ বিপৰীতে বাকী মন্ত্ৰীসকলক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰা হয়। মোডী কেবিনেটত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও স্থান লাভ কৰি বুধবাৰে শপত লয়। তেওঁক আয়ুস, জাহাজ আৰু জলপৰিবহণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হয়।

তাৎপৰ্যপূৰ্ণভাৱে মোডী কেবিনেটৰ পূৰ্বৰ কেইবাগৰীও মন্ত্ৰীৰ বিভাগ সালসলনি কৰা হৈছে। পূৰ্বৰ স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্ধনৰ ঠাইত মন্ত্ৰীসভাৰ ৰদবদলৰ পিছত মনসুখ মাণ্ডাভীয়াক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

নতুন মন্ত্ৰীসভাত কোন মন্ত্ৰীয়ে কি বিভাগ লাভ কৰিছে সেয়া এনেধৰণৰ-

কেবিনেট মন্ত্ৰীঃ

ৰাজনাথ সিংঃ প্ৰতিৰক্ষা মন্ত্ৰী।
অমিত শ্বাহঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু কৰ্পাৰেশ্যন মন্ত্ৰী।
নীতিন গাডকাৰীঃ পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী।
নিৰ্মলা সীতাৰমনঃ বিত্ত মন্ত্ৰী।
নৰেন্দ্ৰ সিং তোমাৰঃ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী।
ড০ সুব্ৰমনিয়াম জয়শংকৰঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী।
অৰ্জুন মুণ্ডাঃ ট্ৰাইবেল এফায়েৰ্ছ মন্ত্ৰী।
স্মৃতি ইৰাণীঃ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী।
পীয়ুষ গোৱেলঃ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী, কনজিউমাৰ এফায়েৰ্ছ মন্ত্ৰী, খাদ্য বিতৰণ মন্ত্ৰী আৰু টেক্সটাইলছ মন্ত্ৰী।
ধৰ্মেন্দ্ৰ প্ৰধানঃ শিক্ষা মন্ত্ৰী, দক্ষতা বিকাশ আৰু এট্ৰ’প্ৰিনিউৰশ্বিপ মন্ত্ৰী।
প্ৰহ্লাদ যোশীঃ পাৰ্লিয়ামেন্টাৰী এফায়েৰ্ছ, কয়লা আৰু মাইনছ মন্ত্ৰী।
নাৰায়ণ ৰানেঃ ক্ষুদ্ৰ আৰু মজলীয়া ইন্টাৰপ্ৰাইজ মন্ত্ৰী।
সৰ্বানন্দ সোণোৱালঃ আয়ুষ, জাহাজ আৰু জলপথ মন্ত্ৰী।
মুখতাৰ আব্বাছ নাকবীঃ মাইন’ৰেটী এফায়েৰ্ছ মন্ত্ৰী।
ড০ বীৰেন্দ্ৰ কুমাৰঃ ছ’চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰ্মেন্ট মন্ত্ৰী।
গিৰিৰাজ সিংঃ গ্ৰামাঞ্চল উন্নয়ন আৰু পঞ্জায়তী ৰাজ মন্ত্ৰী।
জ্যোতিৰাদিত্য সিন্ধিয়াঃ বিমান পৰিবহন মন্ত্ৰী।
ৰামচন্দ্ৰ প্ৰসাদ সিংঃ লোৰ মন্ত্ৰীৰ দায়িত্ব।
অশ্বিনী বৈষ্ণৱঃ ৰেল মন্ত্ৰী, সংযোগ মন্ত্ৰী, ইলেক্ট্ৰনিক আৰু ইফৰ্মেশ্যন টেকন’লজী মন্ত্ৰী।
পশুপতি কুমাৰ পাৰশঃ খাদ্য সংসাধনৰ মন্ত্ৰী।
গজেন্দ্ৰ সিং শ্বেখাৱটঃ জল শক্তি মন্ত্ৰী।
কিৰেণ ৰিজিজুঃ আইন আৰু ন্যায় মন্ত্ৰী।
ৰাজ কুমাৰ সিংঃ শক্তি মন্ত্ৰী।
হৰদ্বীপ সিং পুৰীঃ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী।
মনসুখ মাণ্ডাভীয়াঃ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী।
ভূপেন্দ্ৰ যাদৱঃ পৰিৱেশ, বন আৰু বতৰ মন্ত্ৰী, শ্ৰমিক মন্ত্ৰী।
ড০ মহেন্দ্ৰ নাথ পাণ্ডেঃ হেভী ইণ্ডাষ্ট্ৰী মন্ত্ৰী।
পুৰুষোত্তম ৰূপালাঃ ফিছেৰীছ, এনিমেল হাছবেন্ড্ৰী আৰু ডেয়াৰিং মন্ত্ৰী।
জি কিষাণ ৰেড্ডীঃ সাংস্কৃতিক, পৰ্যটন মন্ত্ৰী।
অনুৰাগ সিং ঠাকুৰঃ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী।

ৰাজ্যিক মন্ত্ৰীঃ

ৰাও ইন্দ্ৰজিত সিংঃ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব), পৰিকল্পনা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
ডঃ জিতেন্দ্ৰ সিংঃ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ৰাজ্যিক মন্ত্ৰী; কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; পাৰমাণৱিক শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী; আৰু মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী
শ্ৰীপদ য়েচো নায়কঃ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু পৰ্যটন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
ফাগ্গান সিং কুলাষ্টেঃ ষ্টীল মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
প্ৰহ্লাদ সিং পেটেলঃ জল শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
অশ্বিনী কুমাৰ চৌবেঃ উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
অৰ্জুন ৰাম মেঘৱালঃ সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু সংস্কৃতি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
ভি. কে. সিংঃ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
কৃষ্ণ পালঃ শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু গধুৰ উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
দানৱে ৰাওচাহেব দাদাৰাওঃ ৰেল মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; কয়লা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু খনি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
ৰামদাস আঠৱালেঃ সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
সাধ্বী নিৰঞ্জন জ্যোতিঃ উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
সঞ্জীৱ কুমাৰ বালিয়ানঃ মীন পালন, পশুপালন আৰু দুগ্ধ জাত ৰখা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
নিত্যানন্দ ৰায়ঃ গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
পংকজ চৌধুৰীঃ বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
অনুপ্ৰিয়া সিং পেটেলঃ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
এছ পি সিং বাঘেলঃ আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
ৰাজীৱ চন্দ্ৰশেখৰঃ দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
সুশ্ৰী শোভা কাৰান্দলাজেঃ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
ভানু প্ৰতাপ সিং বাৰ্মাঃ সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
দৰ্শনা বিক্ৰম জাৰ্দোশঃ বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু ৰেল মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
ভি মুৰলীধৰণঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
মিনাক্ষী লেখিঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু সংস্কৃতি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
সোম প্ৰকাশঃ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
ৰেণুকা সিং সৰোতাঃ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
ৰামেশ্বৰ তেলীঃ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
কৈলাশ চৌধুৰীঃ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
অন্নপূৰ্ণা দেৱীঃ শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
এ নাৰায়ণস্বামীঃ সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
কৌশল কিশোৰঃ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
অজয় ভাটঃ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু পৰ্যটন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
বি এল বাৰ্মাঃ উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু সহযোগিতা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
অজয় কুমাৰঃ গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
দেৱুসিংহ চৌহানঃ যোগাযোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
ভগৱন্ত খুবাঃ নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
কপিল মৰেশ্বৰ পাটিলঃ পঞ্চায়তি ৰাজ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
সুশ্ৰী প্ৰতিমা ভৌমিকঃ সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
ড০ সুভাষ সৰকাৰঃ শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
ড০ ভাগৱত কিষাণৰাও কাৰাডঃ বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
ড০ ৰাজকুমাৰ ৰঞ্জন সিংঃ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
ড০ ভাৰতী প্ৰবীণ পাৱাৰঃ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
বিশ্বেশ্বৰ টুডুঃ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু জল শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
শান্তনু ঠাকুৰঃ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
ড০ মুঞ্জাপাৰা মহেন্দ্ৰভাইঃ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু আয়ুষ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
জন বাৰ্লাঃ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
ড০ এল মুৰুগানঃ মীন পালন, পশুপালন আৰু দুগ্ধ জাত ৰখা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী
নিশিথ প্ৰমানিকঃ গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

উল্লেখ্য যে, মোডী কেবিনেটৰ আটাইসকল মন্ত্ৰীয়ে আজি নিজৰ নিজৰ দপ্তৰত উপস্থিত হৈ দায়িত্বভাৰ চমজি লব।