প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নামেৰে নামাংকিত হব বিশ্বৰ সবাতোকৈ বৃহৎ ষ্টেডিয়াম বুলি চৰ্চিত গুজৰাটৰ মটেৰা ষ্টেডিয়াম। গুজৰাটৰ আহমেদাবাদৰ মটেৰা ক্ৰিকেট ষ্টেডিয়ামখন পূৰ্বে চৰ্দাৰ পেটেল ষ্টেডিয়াম বুলি জনা গৈছিল৷
কিন্তু শেহতীয়াকৈ মটেৰা ষ্টেডিয়াম তথা চৰ্দাৰ পেটেল ষ্টেডিয়ামক নৰেন্দ্ৰ মোদীৰ নামেৰে জনা যাব৷ ষ্টেডিয়াম খন আধুনিকীকৰণ কৰা হৈছে৷ আহমেদাবাদত নতুন ৰূপত তৈয়াৰ হোৱা মটেৰা ষ্টেডিয়াম আজি দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে উৎঘাটন কৰে৷ ষ্টেডিয়ামৰ উৎঘাটনৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহ, ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজু, গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী নিতিন পাটেল উপস্থিত থাকে৷ এইখন ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টেষ্টৰ তৃতীয় খন মেচ অনুষ্ঠিত হ’ব৷ ষ্টেডিয়ামত ১ লাখ ৩২ হাজাৰ লোকে বহিব পাৰিব৷
