মোগলৰ প্ৰতি এলাৰ্জী আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰঃ সাংসদ আব্দুল খালেক

263

নিউজ ডেস্কঃ মোগলেই ভাৰতক প্ৰথম ৰোডমেপ দিছিল আৰু ভাৰতৰ নাম হিন্দুস্তান ৰাখিছিল। -এই দাবী কংগ্ৰেছৰ সাংসদ আব্দুল খালেকৰ।

বৰপেটা সমষ্টিৰ লোকসভাৰ সাংসদগৰাকীয়ে কয় যে মোগলৰ অবিহনে দেশৰ স্বাধীনতা সংগ্ৰাম অসম্পূৰ্ণ হ’লহেঁতেন।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমাচোলনা কৰি খালেকে কয়, ‘আমাৰ মুখ্যমন্ত্ৰীৰ মোগলৰ প্ৰতি এলাৰ্জী আছে। কিন্তু তেৱোঁ দাবী কৰিছিল যে মোগল যুগৰ পৰাই দিল্লী ভাৰতৰ ৰাজধানী আছিল। যদিও তেওঁ মুকলিকৈ প্ৰকাশ কৰাত অস্বস্তিকৰ অনুভৱ কৰে, তথাপিও বাস্তৱ সেইটোৱেই।”

কংগ্ৰেছৰ সাংসদ গৰাকীয়ে কয় যে মোগলে ভাৰতত লালকিল্লা আৰু তাজমহলৰ দৰে স্মৃতিসৌধ নিৰ্মাণ কৰিছিল আৰু সেয়েহে দেশলৈ তেওঁলোকৰ অৱদানক আওকাণ কৰিব নোৱাৰি।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক লক্ষ্য কৰি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি খালেকে কয় মোগলৰ দিনৰে পৰা দিল্লী ভাৰতৰ ৰাজধানী হৈ আহিছে।

তেওঁ আৰু কয় যে স্বাধীনতা দিৱস উপলক্ষে দেশৰ প্রতিজন প্রধানমন্ত্রীয়ে লালকিল্লাত ৰাষ্ট্রীয় পতাকা উত্তোলন কৰি আহিছে৷

সাংসদগৰাকীয়ে লগতে কয়, ‘যদি আমি মোগলসকলক ইমান ঘৃণা কৰো, তেন্তে লালকিল্লাত ত্ৰিৰংগা উত্তোলন কৰাটো সঠিক কাম হ’ব নালাগে।