মৈৰাবাৰী ৰে’লৱে কৰ্তৃপক্ষৰ অধীনত থকা চৰকাৰী মাটিত উচ্ছেদ প্ৰশাসনৰ

145

মৈৰাবাৰী ৰে’লৱে কৰ্তৃপক্ষৰ অধীনত থকা চৰকাৰী মাটিত উচ্ছেদ প্ৰশাসনৰ।ইমান দিনে পৰিত্যক্ত অৱস্থাত থকা মৈৰাবাৰী ৰেলৱেৰ অধীনৰ চৰকাৰী আবাস গৃহ সমূহ আজি ডি আৰ এমৰ নিৰ্দেশ মৰ্মে ৰেলৱে কৰ্তৃপক্ষই মৈৰাবাৰী আৰক্ষীৰ সহযোগত উচ্ছেদ কৰে।উল্লেখ যে মৈৰাবাৰী ৰে’ল ষ্টেচনৰ আহে পাশে অৱস্থিত ৰেলৱে আবাস গৃহ সমূহ ইমান দিনে অঞ্চলটোৰে একাংশ লোকে অবৈধ বাবে দখল কৰি চলাই আছিল অসমাজিক কাম কাজ।মদ, জুৱা,দেহ ব্যৱসায় আদিৰ দৰে জঘন্য কাম কাজবোৰ আৰক্ষীৰ চকুত ধূলি দি একাংশ লোকে চলাই থকা বুলি স্থানীয় অভিযোগ উত্থাপন কৰিছিল।ডি আৰ এমৰ নিৰ্দেশ মৰ্মে পিছলৈ মৈৰাবাৰী আৰক্ষীয়ে অবৈধ বাবে দখল কৰি থকা লোক সকলক উচ্ছেদ কৰি ৰেলৱে আবাস গৃহ সমূহ খালি কৰাৰ লগতে অবৈধ দখলকাৰী সকলক ৰেলৱে আবাস গৃহ খালি কৰাৰ সময় সীমা বান্ধি দিছিল।ইতিমধ্যে ৰেলৱে কৰ্তৃপক্ষই বোলড’জাৰ লগাই ৰেলৱেৰ আবাস গৃহ সমূহ ভাঙি দিয়ে আৰু আহে পাশে থকা অবৈধ দখলকাৰী সকলক সোনকালে চৰকাৰী মাটি সমূহ খালি কৰিবলৈ নিৰ্দেশ দিয়ে।