মৈৰাবাৰী বজাৰত উন্নয়নমূলক কাম কাজৰ ধন আবন্টনত উচ্ছেদ অভিযানৰ প্ৰস্তুতি।

288

মৈৰাবাৰী বজাৰত উন্নয়নমূলক কাম কাজৰ ধন আবন্টনত উচ্ছেদ অভিযানৰ প্ৰস্তুতি।

কিছুদিন পূৰ্বে মৰিগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত মৈৰাবাৰী দ্বি-সাপ্তাহিক বজাৰ উন্নয়নৰ নামত বিশ্ব বেংকে প্ৰায় আঠ কোটি টকা আবন্টন দিছিল।আৰু তাৰ প্রৰিপ্ৰেক্ষিতত ইতিমধ্যে বজাৰ খনৰ কেইবাটাও বাট পথ নিৰ্মাণ কাৰ্য অব্যাহত আছে।

এই নিৰ্মাণ কাৰ্যৰ আলম লৈ বিভাগীয় কৰ্তৃপক্ষই মৈৰাবাৰী বজাৰত এখন প্ৰাককলন প্ৰস্তুত কৰিছিল।কিন্তু ৰহস্যজনক বাবে বিভাগীয় কৰ্তৃপক্ষই উক্ত প্ৰাককলন খন সলনি কৰি দ্বিতীয় এখন প্ৰাককলন প্ৰস্তুত কৰি উচ্ছেদ অভিযান চলাবলৈ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপিত হৈছে।
যিহেতুকে প্ৰথম প্ৰাককলন মতে হে উচ্ছেদ অভিযান চলাব লাগে যদিও বিভাগীয় কৰ্তৃপক্ষই ৰহস্যজনক বাবে বজাৰৰ মাজ-মজিয়াত থকা মূল পথটিত অৱস্থিত দোকান সমূহ উচ্ছেদ নকৰি বেকাকৈ উপ পথটিৰ দুয়োফালে থকা দোকান সমূহ উচ্ছেদ কৰিবলৈ যো জা চলোৱা পৰিলক্ষিত হৈছে।যাৰ ফলত আজি মৈৰাবাৰীত উক্ত পথটিত অৱস্থিত সাধাৰণ দোকানী সকলে বিভাগীয় কৰ্তৃপক্ষৰ লগতে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত সংবাদ মাধ্যমৰ যোগেদি উচ্ছেদ কাৰ্যত হোৱা ৰহস্যজনক বুলি আখ্যা দিয়াৰ লগতে উচ্ছেদ কাৰ্যৰ তদন্ত কৰি মূল পথটি উচ্ছেদ কৰি নিৰ্মাণ কৰিবলৈ দাবী জনাইছে।