মৈৰাবাৰী আৰক্ষীৰ জালত বৃহৎ চাইবাৰ চক্ৰ

361

মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে সাত জনকৈ চাইবাৰ অপৰাধীক।মৈৰাবাৰী থানাৰ অন্তৰ্গত লেংৰিবৰী গাঁৱৰ পৰা অভিযান চলাই এই বৃহৎ চাইবাৰ চক্ৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী আৰক্ষীৰ দলটিয়ে।লেংৰিবৰীগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক এজনৰ ঘৰত প্ৰায় দুঘণ্টা সময় তালাচী চলাই তেওঁৰ দুজন পুত্ৰ সহ গ্ৰেপ্তাৰ কৰে সাতজনকৈ চাইবাৰ অপৰাধী আৰু বৃহৎ পৰিমাণৰ চাইবাৰ অপৰাধত ব্যৱহাৰৰ কৰা সামগ্ৰী।গ্ৰেপ্তাৰ হোৱা সাতজন চাইবাৰ অপৰাধী ক্ৰমে-অলি উল্লাহ ওৰফে মামুন,মুষ্টাক আহমেদ, আৰিফুল ইছলাম, উমৰ ফাৰুক,দিলদাৰ হুছেইন, আৰু ফৰিদুল ইছলাম।আৰু ইয়াৰ সাতোজনৰ ঘৰ লেংৰিবৰী গাঁৱত বুলি আমি জানিব পৰা গৈছে।গ্ৰেপ্তাৰ হোৱা চাইবাৰ অপৰাধী কেইজনৰ পৰা মৈৰাবাৰী আৰক্ষীয়ে ১১ টা মোবাইল ফোন,৭২০ টা চিম কাৰ্ড, আৰু ৬ টা বেলেগ বেলেগ বেংকৰ পাছবুক,পেন কাৰ্ড,আধাৰ কাৰ্ড আৰু নগত ২০,০০০ হাজাৰ টকা 4টা মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হৈছে মৈৰাবাৰী আৰক্ষী।
চাইবাৰ অপৰাধী কেইজনক ইতিমধ্যে মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।