মৈৰাবাৰীৰ ভেলুগুৰিত হৰিণা পশু উদ্ধাৰ

167

মৈৰাবাৰীৰ ভেলুগুৰিত হৰিণা পশু উদ্ধাৰ।

মৰিগাঁও জিলাৰ ভেলুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বজাখাইটি চাপৰিত দূৰ্লভ হৰিণা পশু উদ্ধাৰ হয়।

আজি ৰাতিপুৱা বজাখাইটিৰ এটা জন সমাগম থকা অঞ্চলত দিশ হেৰুৱাই বিচৰণ কৰি থকা অৱস্থাত স্থানীয় ৰাইজে পশুটি উদ্ধাৰ কৰি ভেলুগুৰি আৰক্ষী থানাত খবৰ দিয়ে।

আনহাতে, ভেলুগুৰি আৰক্ষীয়ে মৰিগাঁও জিলা বন বিভাগক খবৰ দিয়াৰ লগতে উদ্ধাৰ হোৱা দূৰ্লভ হৰিণা পশুটি বন বিভাগৰ হাতত চমজি দিয়ে বুলি জানিব পৰা গৈছে।