মৈৰাবাৰীৰ জমিউল হুদা মাদ্ৰাছাত উচ্ছেদ অভিযান প্ৰশাসনৰ

145

অসমৰ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ছীল কৰা জমিউল হুদা মাদ্ৰাছাত বৃহস্পতিবাৰে ব্যাপক উচ্ছেদ অভিযান চলায় প্ৰশাসনে।

ৰাজ্যৰ জেহাদী সন্ত্ৰাসৰ ঘাটি আছিল মাদ্ৰাছাখন।

২৮ জুলাইত মাদ্ৰাছাৰ মুৰব্বী মুফতি মুস্তাফাক জেহাদী গোটৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষীয়ে মুস্তাফাৰ হাতত বেংকৰ পাছবুক আৰু মোবাইল ফোনকে ধৰি বিভিন্ন নথি-পত্ৰ জব্দ কৰে। ইয়াৰ পিছতে মাদ্ৰাছাও ছীল কৰা হয়।

২০১৮ চনত মাদ্ৰাছাখন খুলিছিল মুফতি মুস্তাফাই।

ইফালে, মৰিগাঁও আৰক্ষী অধীক্ষক অপৰ্ণা এন-এ কয়, ‘ডিডিএমএ, পিডব্লিউডি আদি কৰ্তৃপক্ষই মাদ্ৰাছাখন ভাঙি পেলোৱাৰ নিৰ্দেশৰ পিছতে উচ্ছেদ কৰা হৈছে। ভাঙি পেলোৱাৰ নিৰ্দেশ অনুসৰি মাদ্ৰাছাখন এতিয়া বসবাসযোগ্য নহয়।”