মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ পৰা ৰহস্যজনক বাবে বৃদ্ধ নিৰুদ্দেশ।

79

মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ পৰা ৰহস্যজনক বাবে বৃদ্ধ নিৰুদ্দেশ।

এক বছৰ আগতে কৰ্মসূত্ৰে কেৰেলালৈ গৈছিল ৬৫ বছৰীয়া বৃদ্ধ ফজৰ আলি।
কিন্তু ৰহস্যজনক বাবে এক বছৰ কেৰেলা কাম কৰি ঘৰলৈ উভতি অহা সময়ত গুৱাহাটীৰ পৰা নিৰুদ্দেশ হৈছে মৈৰাবাৰী থানাৰ অন্তৰ্গত চহৰীয়া গাঁৱৰ ফজৰ আলি।

পৰিয়ালৰ লোকে জানিব দিয়া মতে-এক বছৰ আগতে বৃদ্ধ ফজৰ আলিয়ে সাংসাৰিক গৃহ কন্দলৰ বাবে খং কৰি কেৰেলা গুচি গৈছিল কাম কৰিবলৈ।যদিও তেওঁ ইমান দিনে পৰিয়ালৰ লোকৰ সৈতে সংযোগ ৰক্ষা কৰি আহিছিল।

এক বছৰ পিছত ফজৰ আলি ঘৰলৈ উভতি অহা সময়ত গুৱাহাটী পোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকৰ সৈতে আজি পাঁচ মাহে কোনো যোগাযোগ নকৰাত সংকাত ভুগিছে বৃদ্ধ ফজৰ আলিৰ পৰিয়ালৰ লোকে।

যদি কোনো সদাহয় ব্যক্তিয়ে বৃদ্ধ ফজৰ আলিৰ সন্ধান পায় তেন্তে 8667494689 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ যোগেদি কাতৰ অনুৰোধ জনাইছে।