মৈৰাবাৰীত ৰাইজে কৰায়ত্ত কৰিলে ড্ৰাগছ আসক্ত যুৱকক।
যুৱক জন মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত দলৈগাঁৱৰ আজিবুৰ ৰহমান ।
আজিবুৰৰ পৰা ৰাইজে এটা ড্ৰাগছ ভৰ্তি কণ্টিনাৰ আৰু কিছু পৰিমাণৰ নিচাজাতীয় টেবলেট উদ্ধাৰ কৰিছে।
ধৃত আজিবুৰে ড্ৰাগছ খিনি বৰছাপৰি গাঁৱৰ এজন লোকৰ ঘৰৰ পৰা ক্ৰয় কৰি আনিছিল বুলি যুৱক জনে স্বীকাৰ কৰে।
ৰাইজে কৰায়ত্ত কৰা যুৱক জনক ইতিমধ্যে মৈৰাবাৰী আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰিছে।
