মৰিগাঁও জিলাৰ মৈৰাবাৰীত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এগৰাকী মহিলাসহ দুজনক আটক কৰিবলৈ সক্ষম হয়।
গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলোৱা এই অভিযানটোৰ নেতৃত্ব দিয়ে মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছাবিৰ আলীয়ে।
আৰক্ষীয়ে দুপৰীয়া থানাৰ নিচেই কাষতে থকা পেট্র’ল পাম্পৰ ওচৰত ড্ৰাগছ ব্যৱসায়ী কেইটাক আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন ড্ৰাগছ ব্যৱসায়ী কেইজন ক্ৰমে আব্দুল কৰিম আৰু আমিৰন নেচা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ অভিযানকাৰী দলটোয়ে ২৫টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, জব্দকৃত ড্ৰাগছ খিনি বজাৰ মূল্য বহু লক্ষাধিক টকা হ’ব। সম্প্ৰতি ড্ৰাগছ ব্যৱসায়ী কেইজনক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।