মৈৰাবাৰীত গ্ৰেপ্তাৰ বৃহৎ ড্ৰাগছ ব্যৱসায়ী চক্ৰ

340

মৈৰাবাৰীত গ্ৰেপ্তাৰ বৃহৎ ড্ৰাগছ ব্যৱসায়ী চক্ৰ।
মণিপুৰী আৰক্ষীৰ তথ্যৰ ভিত্তিত মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজনক।
বহিঃৰাজ্যৰ ড্ৰাগছ ব্যৱহায়ৰ লগত জড়িত মৈৰাবাৰীৰ ইমৰান হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মৈৰাবাৰী আৰক্ষীয়ে।

জানিব পৰা মতে-কিছুদিন পূৰ্বে মণিপুৰৰ আৰক্ষীয়ে প্ৰায় দুই কেজি পৰিমাণৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিছিল এজন ড্ৰাগছ ব্যৱসায়ীক আৰু সেই ড্ৰাগছ ব্যৱসায়ী জনৰ লগত জড়িত থকা ইমৰান হুছেইনক আজি মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মণিপুৰ আৰক্ষীক চমজি দিয়ে।

প্ৰায় দুই কোটি টকা মূল্যৰ ড্ৰাগছ সহ মণিপুৰত গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী জনক মৈৰাবাৰীৰ ইমৰাণ হুছেইন নামৰ যুৱক জনে যোগান ধৰিছিল এই বৃহৎ পৰিমাণৰ ধন।আৰু সেই তদন্তৰ ভিত্তিত আজি মৈৰাবাৰী আৰক্ষীয়ে ইমৰান হুছেইনক গ্ৰেপ্তাৰ কৰে।

ইমৰানৰ লগত বহিঃ ৰাজ্যৰ এটা বৃহৎ ড্ৰাগছ ব্যৱসায়ী চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে মৈৰাবাৰী আৰক্ষীয়ে।

ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ইমৰান হুছেইনক মৈৰাবাৰী আৰক্ষীয়ে মণিপুৰ আৰক্ষীক গতাই দিয়ে ।