মেৰাপানী সীমান্তত বাৰ্মিজ চুপাৰীৰ বৃহৎ ক’লা বজাৰ

116

মেৰাপানী সীমান্তত বাৰ্মিজ চুপাৰীৰ বৃহৎ ক’লা বজাৰ। বাৰ্মাৰ পৰা অনা চোৰাং চুপাৰী নাগালেণ্ডেৰে সৰবৰাহ হৈ মেৰাপানী সীমান্তয়েদি প্ৰৱেশ কৰে অসমত। টেক্স, জিএচ টিৰ অবিহনেই অসমত প্ৰৱেশ কৰাৰ পাছতেই গোলাঘাটৰ পৰা নিয়ন্ত্ৰিত হয় বাৰ্মিজ চুপাৰীৰ ক’লা বজাৰ। বোকাজান, কৰিমগঞ্জৰ পাছত এইবাৰ মেৰাপানী সীমান্ত হৈ পৰিছে বাৰ্মিজ চুপাৰী সৰবৰাহৰ ক’ৰিডৰ। বাৰ্মাৰ পৰা সৰবৰাহ হোৱা চুপাৰী নাগালেণ্ড হৈ মেৰাপানীয়েদি প্ৰৱেশ কৰে অসমত। কেইদিনমানৰ পূৰ্বে মেৰাপানী সীমান্তত দুখনকৈ বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক জব্দ কৰাৰ পাছত মঙ্গলবাৰে মেৰাপানী সীমান্তত চি আৰ পি এফে জব্দ কৰে NL05G1914 নম্বৰৰ এখন চুপাৰী ভৰ্তি ট্ৰাক। প্ৰায় ১৫০ টা বস্তা থকা চুপাৰীখিনিৰ বজাৰ মূল্য ২০ লক্ষাধিক টকা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত চি আৰ পি এফে গাড়ীখনৰ চালকসহ আন দুজন নগা যুৱককো আটক কৰে। ইফালে মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত চি আৰ পি এফৰ তালাচী চকীত ট্ৰাকখন জব্দ কৰাৰ পাছতো ৰহস্যজনকভাৱে মেৰাপানী আৰক্ষীয়ে গাড়ীখন নিজৰ জিম্মাত লোৱাৰ বিপৰীতে নগা আৰক্ষীয়ে নাগালেণ্ডলৈ লৈ লোৱা কাৰ্যত গভীৰ ৰহস্য নিৰ্হিত থকা বুলি জানিব পৰা গৈছে। ইফালে এই চুপাৰী চিণ্ডিকেটৰ আঁৰত গোলাঘাটৰ হিন্দু যুৱ পৰিষদৰ কেইজনমান সংগঠনৰ নেতা জড়িত হৈ থকা বুলি জানিব পৰা গৈছে।