নতুন দিল্লী, ১৭ জুন : মেস্ক লাইভ ইঞ্চুৰেঞ্চে বিগত ৫ বছৰত ডেথ ক্লেইমৰ হাৰ ৯৯.২২ শতাংশ পৰিশোধ কৰাৰ কথা ঘোষণা কৰিছে। মেস্ক লাইভ ইঞ্চুৰেঞ্চে কোম্পানী লিমিটেডে আজি ১৫,৩৪২ ডেথ ক্লেইম ৫৬৩ কৌটি ২০১৯-২০ বিত্তীয় বৰ্ষত দিয়াৰ কথা ঘোষণা কৰিছে। ২০১৯-২০ বিত্তীয় বৰ্ষত ১৫,৪৬৩ ডেথ ক্লেইম লাভ কৰিছিল তাৰ ভিতৰত মাত্ৰ ১২০ টা ডেথ ক্লেইম অগ্ৰাজ্য কৰা হৈছে। লগতে এটা ডেথ ক্লেইমৰ কেচ পেণ্ডিং ৰখা হৈছে। এই সম্পৰ্কে মেস্ক লাইভ ইঞ্চুৰেঞ্চৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া প্ৰশান্ত ত্ৰিপাঠীয়ে কয় ” আমি ২০১৯-২০ বিত্তীয় বৰ্ষত ডেথ ক্লেইমৰ ক্ষেত্ৰত ৯৯.২২ শতাংশ পৰিশোধ কৰাৰ কথাঘোষণা কৰিছোঁ।”
