মেট্ৰিক-হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা বাতিল হোৱাৰ ইংগিত…

79

কোভিড মহামাৰীয়ে গভীৰ সংশয় নমাই আনিছে ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ। ২০২০ৰ লকাডাউনৰ বাবে স্তব্ধ হৈ পৰা শিক্ষা ব্যৱস্থা চলিত বৰ্ষতো ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ বাবে সংকট সদৃশ হৈ পৰিছে। শেহতীয়াকৈ এইবাৰো মেট্ৰিক-হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা বাতিল হোৱাৰ সম্ভাৱনা প্ৰায় স্পষ্ট হৈ পৰিছে। অৱশ্যে পৰীক্ষা অনুষ্ঠিত কৰাক লৈ শুকুৰবাৰে গ্ৰহণ কৰা হব চূড়ান্ত সিদ্ধান্ত।

উল্লেখ্য যে, শিক্ষা বিভাগে অহা জুলাই মাহৰ মধ্যভাগত পৰীক্ষা অনুষ্ঠিত কৰাৰ বিষয়ে সদৰী কৰিছিল যদিও শেহতীয়াকৈ কোভিড পৰিস্থিতিৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ শিক্ষা বিভাগক পৰামৰ্শ প্ৰদান কৰিছে ৰাজ্যিক কেবিনেটে। এনে পৰিপ্ৰেক্ষিতত পৰীক্ষা বাতিল হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। উল্লেখ্য যে, বুধবাৰে ছেবাক পৰীক্ষা সন্দৰ্ভত আভিলোচনাৰ বাবে অনুৰোধ জনাইছিল অসম হাইস্কুল শিক্ষক সংস্থায়ো।