চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ইষ্ট গাৰো হিলছ আৰু ৱেষ্ট খাচী হিলছ জিলাৰ সীমান্তৰ নংশ্ৰামত সংঘটিত এক শোকাবহ বাছ দুৰ্ঘটনাত নিহত হয় ৬ জনকৈ যাত্ৰী। জানিব পৰা মতে নিশা নংশ্ৰামৰ ৰিংডি নদীত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে যাত্ৰীবাহি বাছখন। বাছখনে ২১ গৰাকী যাত্ৰী কঢ়িয়াই তুৰাৰ পৰা শ্বিলং অভিমুখে গৈ থকাৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা।
ইফালে দুৰ্ঘটনাৰ পিছত আৰক্ষী আৰু উদ্ধাৰকাৰী বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত ৬ যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰে। বাছৰ ভিতৰত এতিয়াও একাধিক যাত্ৰী আবদ্ধ হৈ আছে।