ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ আৰক্ষী সঞ্চালকপ্ৰধান আৰ চন্দ্ৰনাথন আক্ৰান্ত হৈছে কোৰোনাত। ৰাজ্য খনৰ স্বাস্থ্য বিভাগে সদৰী কৰা মতে, ডিজিপি আৰ চন্দ্ৰনাথনক বৰ্তমান শ্বিলং চিভিল হাস্পতালত ভৰ্তি কৰি চিকিৎসা চলাই থকা হৈছে। তেওঁৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা মতে, সাধাৰণ জ্বৰ-কাহত আক্ৰান্ত হৈছিল ডিজিপিগৰাকী। তাৰ পিছতে তেওঁৰ কৰা স্বাস্থ্য পৰীক্ষাত কোভিড পজিটিভ ধৰা পৰে।
ইফালে ৰাজ্যখনৰ ৰিভয় জিলা কাৰাগাৰত থকা ৬৩ জন কয়দীৰ দেহতো কোভিডৰ উপস্থিতি ধৰা পৰিছে। আক্ৰান্ত কয়দীসকলৰ অধিকাংশৰে দেহত কোৰোনাৰ কোনো লক্ষণ দেখা দিয়া নাছিল। কাৰাগাৰ চৌহদটো কণ্টেইনমেণ্ট জ’ন ৰূপে ঘোষণা কৰিছে প্ৰশাসনে।