মেঘালয়ত প্ৰৱেশ কৰি অপ্ৰৰোচিতভাৱে গুলীচালনা কৰিছিল অসম আৰক্ষীয়েঃ কনৰাড চাংমা

229

পশ্চিম জয়ন্তীয়া পাহাৰ জিলাত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাক গৰিহণা দিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ মুক্ৰোহ গাঁৱত সংঘটিত হৈছে এই ঘটনা।

এই সংঘৰ্ষত মৃত্যু ঘটা ৪ জন লোকৰ ভিতৰত ৩ জন মেঘালয়ৰ বাসিন্দা আৰু এজন অসম বনৰক্ষী।

মঙলবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে, ‘অসম আৰক্ষী আৰু অসম বনৰক্ষীৰ গুলীত ৪ জন লোকৰ মৃত্যু হয়।

মেঘালয়ৰ মুখ্যমন্ত্রী চাংমাই কয় যে, “অসম আৰক্ষী আৰু অসম বনৰক্ষীয়ে মেঘালয়ত প্রৱেশ কৰি অপ্ৰৰোচিত গুলীচালনাৰ আশ্ৰয় লোৱা ঘটনাক মেঘালয় চৰকাৰে তীব্ৰ গৰিহণা দিছে।”

মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘GoM-এ যাতে ন্যায় প্ৰদান কৰা হয় আৰু এই অমানৱীয় কাৰ্য্যত দায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয় তাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিব।

কনৰাডে আৰু জনাইছে যে মেঘালয়ৰ গৃহমন্ত্ৰী লাহকমেন ৰিম্বুইয়ে পৰিস্থিতিৰ বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হয়।

মেঘালয় চৰকাৰেও ঘোষণা কৰিছে “মৃত ব্যক্তিসকলৰ ওচৰৰ আত্মীয়ৰ বাবে ৫ লাখ টকাকৈ ক্ষতিপূৰণ”।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয়, ‘আজি কেবিনেটত বহি এই কাণ্ডৰ সন্দৰ্ভত চৰকাৰে কি পৰৱৰ্তী পন্থা গ্ৰহণ কৰিব সেই বিষয়ে সিদ্ধান্ত ল’ব।

মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক “শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ” আৰু আহ্বান জনাইছে।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয়, ‘ৰাজ্য চৰকাৰে যাতে আইন-শৃংখলা বজাই ৰখাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিছে।