শুকুৰবাৰে ১৭২ বিএন বিএছএফৰ জোৱানে যোৱা ৪৮ ঘণ্টাত মেঘালয়ৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ৫৬টা গৰু উদ্ধাৰ কৰে। পূব জয়ন্তীয়া পাহাৰৰ সীমান্তৱৰ্তী অঞ্চলৰ মাজেৰে বাংলাদেশলৈ চোৰাংভাৱে সৰবৰাহ কৰিবলৈ নিয়া হৈছিল গৰু কেইটা।জানিব পঢ়ক মতে পূব জয়ন্তীয়া পাহাৰৰ সোণাপুৰ দলঙত নিয়োজিত বি এছ এফৰ জোৱানে এখন বাহন আটক কৰে। বি এছ এফ দলে গাড়ীখন ৰখাবলৈ সংকেত দিয়ে যদিও তাৰ পৰিৱৰ্তে চালকে গাড়ীখন উমকিয়াং অঞ্চলৰ ফালে গতি কৰে। পৰৱৰ্তী সময়ত বি এছ এফ দলে খেদি গৈ গৰু ভৰ্তি বাহনখন জব্দ কৰিবলৈ সক্ষম হয়।
