মৃত্যু বাহিনীৰ প্ৰথম নায়ক ‘৪২ৰ শ্বহীদ মনবৰ নাথৰ গৃহ ভূমি নগাঁৱৰ জামুগুৰিত সশ্ৰদ্ধ স্মৰণ

264

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ ১৯৪২ চনৰ ২০ছেপ্টেম্বৰ দিনটো ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এটি স্মৰণীয় দিন। আন্দোলনৰ নেতৃত্ব দিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সেই দিনটোতে দেশৰ আৰক্ষী থানাসমূহত জাতীয় পতাকা উত্তোলনেৰে “থানা দখল” কাৰ্যসূচী গ্ৰহণ কৰে। কাৰণ তেতিয়া আৰক্ষী থানাসমূহেই আছিল সাম্ৰাজ্যবাদী বৃটিছ চৰকাৰৰ ক্ষমতাৰ প্ৰতীক। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰো বিভিন্ন আৰক্ষী থানাত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। কংগ্ৰেছৰ জাতীয় পতাকা উত্তোলনেৰে “থানা দখল” কাৰ্যসূচী ৰূপায়ণৰ দায়িত্বৰ অগ্ৰণীভাগ অৰ্পণ কৰা হয় স্বেচ্ছাসেৱক দলৰ মৃত্যু বাহিনীৰ ওপৰত।

অসমৰ গহপুৰ আৰু ঢেকিয়াজুলি আৰক্ষী থানা প্ৰাংগণৰ ৰক্তাক্ত ইতিহাসে ২০ ছেপ্টেম্বৰ দিনটোক কৰি তোলে অসমৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এক ৰাঙলী দিন ৰূপে। ঢেকিয়াজুলি আৰক্ষী থানা প্ৰাংগণত জাতীয় পতাকা উত্তোলন কৰি আৰক্ষীৰ গুলিত প্ৰাণ আহুতি দিয়ে মৃত্যু বাহিনীৰ প্ৰথম নায়ক মনবৰ নাথে। ১৯৪২ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ২০ ছেপ্টেম্বৰত আৰক্ষী থানাত ইংৰাজৰ পতাকা আঁতৰাই ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ সশস্ত্ৰ বৃটিছ আৰক্ষীৰ গুলিত প্ৰাণ আহুতি দিয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ বীৰ যোদ্ধা মৃত্যু বাহিনীৰ প্ৰথম নায়ক শ্বহীদ মনবৰ নাথৰ ৮০সংখ্যক স্মৃতি দিৱসটি মংগলবাৰে শ্বহীদজনাৰ জন্মস্থান নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী জামুগুৰিত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।

এই উপলক্ষে জামুগুৰি শ্বহীদ মনবৰ নাথ মজলীয়া বিদ্যালয় প্ৰাংগণত নৱ-নিৰ্মিত শ্বহীদ বেদী উন্মোচন কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে নিজৰ প্ৰাণকো হেয় জ্ঞান কৰি শ্বহীদ মনবৰ নাথে বৃটিছৰ গুলি বুকু পাতি মৃত্যুক আঁকোৱালি লৈছিল। মনবৰ নাথৰ দৰে স্বাধীনতা আন্দোলনৰ শ্বহীদসকলৰ ত্যাগ আৰু আদৰ্শক মূল্যায়ণ কৰি নতুন প্ৰজন্মই শ্বহীদৰ আদৰ্শই আগবাঢ়ি যাব লাগিব। শ্বহীদ বেদী উন্মোচনৰ পূৰ্বে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ প্ৰসংগত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সহ-সম্পাদক খগেন চন্দ্ৰ নাথে কয় যে আধুনিকতাৰ ভোগ-বিলাসত মত্ত বৰ্তমান সমাজ ব্যৱস্থাৰ কোনো এজনৰ খবৰ লোৱাৰ আহৰি নাই শ্বহীদ পৰিয়ালৰ।

অনুষ্ঠানৰ আৰম্ভণিতে ঊষা কীৰ্তন,বন্তি প্ৰজ্বলন আৰু শোভাযাত্ৰা কৰা হয়। ইয়াৰ পাছতে ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি মুকলি সভাখনি উদ্বোধন কৰি ৰামধেনু যুগৰ গল্পকাৰ তথা কথা সাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱাই ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত অসমৰ অৱদানৰ লগতে শ্বহীদ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে।

মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ অধ্যক্ষ দিলীপ বৰা। প্ৰবীণ শিল্পী গম্ভীৰ নাথ আৰু সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা শ্বহীদ দিৱসৰ কাৰ্যসূচীত শাস্ত্ৰজ্ঞ নৰেন নাথ, প্ৰধান শিক্ষক দীপক কুমাৰ হাজৰিকা, ভাস্কৰ্য শিল্পী লক্ষ্যজিৎ বৰা, শিৱৰাম বৰদলৈ, সমাজকৰ্মী মুহিন্দ্ৰ মহন্ত, বীৰেণ নাথ, লুইত মহন্ত, বিতুল কাকতি আদি উপস্থিত থাকে।

নিশালৈ সাংস্কৃতিক অনুষ্ঠানৰে দিনযোৰা কাৰ্যসূচীৰ সামৰণি মৰা হয়। ইপিনে জামুগুৰিৰে শ্বহীদ মনবৰ নাথ স্মৃতি পুথিভঁৰাল প্ৰাংগণতো শ্বহীদ মনবৰ নাথ দিৱস উদযাপন কৰা হয়।