মৃত্যুৰ শীতল বাটেৰে সকলোকে কন্দুৱাই গুছি গল জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাস

96

মৃত্যুৰ শীতল বাটেৰে সকলোকে কন্দুৱাই গুছি গল জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাস। যোৱা ১৬ এপ্ৰিলত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা ভিতালী দাসৰ বুধবাৰে সন্ধিয়া ৭.০৫ বজাত কালাপাহাৰস্থিত কোভিড হাস্পতালত মৃত্যু ঘটে।

৫ সহস্ৰাধিক গীতত কণ্ঠ নিগৰাই জনপ্ৰিয় হোৱা ভিতালী দাসৰ বিয়োগত শোকৰ বন্যা বৈছে সমগ্ৰ ৰাজ্যত। ২০০১ চনত তগৰ এলবামৰ জৰিয়তে সংগীত জগতত ভৰি থোৱা ভিতালী দাসৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৪১ বছৰ। উল্লেখ্য যে, ভিতালী দাস কোৰোনাত আক্ৰান্ত হোৱাৰ সময়ত বহুমূত্ৰ আৰু উচ্চ ৰক্তচাপতো আক্ৰান্ত হৈ আছিল।