মৃত্যুৰ দুৱাৰডলিৰ পৰা ঘূৰি আহিল এজন ট্ৰাক চালক!

68

মৃত্যুৰ দুৱাৰডলিৰ পৰা ঘূৰি আহিল এজন ট্ৰাক চালক! ৰাইজৰ বুদ্ধিমত্তা আৰু সংঘবদ্ধ প্ৰয়াসৰ ফলত নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰে যুৱকজন। ঘটনাটো সংঘটিত হৈছে কাছাৰৰ ধলাই সমষ্টিৰ ধোৱাৰবন্দত।

শিলচৰৰ পৰা হাইলাকান্দি অভিমুখী এখন মালবাহী ট্ৰাক ধোৱাৰবন্দত নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দাঁতিৰ খাদত বাগৰি পৰে। বাগৰি পৰা ট্ৰাকখনৰ তলত সোমাই পৰে চালকজন। ট্ৰাকৰ তলত আৱদ্ধ হৈ পৰা চালকজনৰ চিঞৰ শুনিবলৈ পায় কেইজনমান স্থানীয় যুৱকে।