মূল্যবৃদ্ধি বিৰুদ্ধে চিলাপথাৰটো কংগ্ৰেছৰ প্ৰতিবাদ

428

ৰাজ্যজুৰি অব্যাহত সৰ্বস্তৰৰ সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি চিলাপথাৰত কংগ্ৰেছে পালন কৰে এক প্ৰতিবাদী কাৰ্যসূচী।

কাৰ্যসূচীত ” মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ বিজেপি চৰকাৰ হাই হাই,বিজেপি চৰকাৰ পদত্যাগ কৰক, মূল্যবৃদ্ধি হ্ৰাস কৰক,আমাৰ দাবী মানিবই লাগিব,কংগ্ৰেছ দল জিন্দাবাদ,যোগান মন্ত্ৰী পদত্যাগ কৰ্মাদি শ্লগানৰে উত্তাল কৰি তোলে পৰিবেশ।

শাক-পাচলি,চাউল,দাইল,ৰন্ধন গেছ,পেট্ৰল ডিজেলৰ লগতে জীৱন দায়িনী ঔষধৰ ব্যাপক মূল্যবৃদ্ধিৰ বাবে সাধাৰণ ৰাইজ জীয়াই থাকিবলৈ মস্কিল হৈছে।

কেবল কৰ সংগ্ৰহ কৰাৰ লক্ষৰে সকলো ধৰনৰ সামগ্ৰীৰ ওপৰত মূল্যবৃদ্ধি ঘটাই জনগণৰ মূৰত মাধমাৰ শুধৰোৱা বুলি বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি ধিক্কাৰ দিয়ে প্ৰতিবাদী সকলে।

চিলাপথাৰ নগৰৰ মাজ মজিয়াত দিনৰ ১১ বজা পৰা ৰুপায়ন কৰা দুঘণ্টীয়া কাৰ্যসূচীত ভাগ লয় প্ৰদেশ,জিলা,মণ্ডলৰ বিষয় ববীয়াৰ পৰা তৃণমূল পৰ্যায়ৰ বহু কৰ্মকৰ্তাই।